Why Assamese Typing Practice is Essential for Assam Government Job
আপুনি অসম চৰকাৰী চাকৰীৰ বাবে আবেদন কৰিছে নেকি ? যদি আপুনি অসম চৰকাৰৰ চাকৰিত আবেদন কৰিছে বা কৰিবলৈ বিচাৰে, তেন্তে আপুনি অসমীয়া টাইপিং জনাটো অতিকৈ আবশ্যকীয় । এই ৱেবচাইটখন বিশেষকৈ তেওঁলোকৰ বাবে তৈয়াৰ কৰা হৈছে, যিসকলে ইংৰাজী কীবৰ্ড ব্যৱহাৰ কৰি সহজভাৱে অসমীয়াত টাইপ কৰিবলৈ বিচাৰে। কাৰণ চৰকাৰী চাকৰিৰ অধিকাংশ পদৰ বাবে অসমীয়া টাইপিং টেষ্ট দিব লগিয়া হয়। ভাল টাইপিং মানে কেৱল দ্ৰুত গতিত লিখা নহয়। নিশ্চয়, দ্ৰুত টাইপ কৰিব লাগে, কিন্তু সঠিকতাও একেদৰে প্ৰয়োজন। অসমৰ বহু চৰকাৰী চাকৰিত (WPM) প্ৰতি মিনিটত ২৫-৩০ টা শব্দ প্ৰায় ৯৫% ভুল নোহোৱাকৈ টাইপ কৰিব লাগে। এইটো একেবাৰে অসম্ভৱ নহয়, কিন্তু তাৰ বাবে নিয়মিত অভ্যাসৰ প্ৰয়োজন হয় ।
কেনেকৈ আপুনি ONLINE ASSAMESE TYPING PRACTICE কৰিব পাৰিব
আজিকালি অসমীয়াত টাইপ কৰাটো বহুজনৰ বাবে কঠিন হ’ব পাৰে, কাৰণ অসমীয়াৰ INSCRIPT KEYBOARD টো বেছিভাগ লোকৰ কম্পিউটাৰত এই সুবিধাটো উপলব্ধ নাথাকে বা থাকিলেও কেনেকৈ সঠিক ভাবে কেনেকৈ ব্যৱহাৰ কৰিব সেইটো মোৰ ধাৰণা যে হয়তো নাজানে । কিন্তু ভয় নকৰিব, যদি আপুনি মোৰ এই লিখাখিনি পৰি আছে আৰু আপুনি অসমীয়া টাইপিংত পাৰ্গত হব বিচাৰিছে, তেনেহলে আপুনি একদম সঠিক ঠাইত আহিছে । মই আপোনাৰ এই সমস্যা সমাধান কৰিবলৈ মই এক সহজ মাধ্যম আগবঢ়াইছোঁ ।
প্ৰথমে আপুনি এটা PARAGRAPH বাচনি কৰক (PARAGRAPH বোৰ সহজৰ পৰা কঠিন কৈ দিয়া হৈছে), তাৰ পিছত আপুনি START PRACTICE Button ত ক্লিক কৰক,
WPM - মানে আপুনি এক মিনিটত কিমান টা শব্দ লিখিলে ।
Accuracy - মানে আপুনি কিমান শুদ্ধতাৰে টাইপিং কৰিছে ।
Time - PARAGRAPH টো সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগিল ।
Progress - PARAGRAPH টো আপুনি কিমান শতাংশ টাইপিং কৰিছে ।
আপুনি TYPING PRACTICE ৰ সময়ত Reset বা Pauseকৰিব পাৰিব আৰু লগতে শব্দ বোৰৰ আকাৰ সৰু বা ডাঙৰ কৰিব পাৰিব ।
TIPS -
- প্ৰথমে KEYBOARD ৰ প্ৰতিটো KEY চিনাক্তৰ বাবে VIRTUAL KEYBOARD টো ব্যৱহাৰ কৰিব পাৰে, বিশেষকৈ যেতিয়া আপুনি আৰম্ভণি কৰে।
- প্ৰথমে স্বৰবৰ্ণ, তাৰ পিছত ব্যঞ্জনবৰ্ণ আৰু যুক্তাক্ষৰ শিকক। যুক্তাক্ষৰ বোৰ কেনেকৈ লিখে, তাত WRITTING HELPত ক্লিক কৰি বুজিব চেষ্টা কৰক।
- প্ৰথমে শুদ্ধতা, গতি পিছত — সময় লাগিলেও সঠিক আৰু শুদ্ধভাৱে শব্দবোৰ লিখিব চেষ্টা কৰক।
- সদায় অভ্যাস কৰাৰ চেষ্টা কৰক। অলপ কঠিন লাগিলেও নিয়মিত অভ্যাস কৰিলে অতি কম সময়তে পাৰ্গত হব পাৰিব।
- তাৰ পিছত সময় এটা নিৰ্ধাৰণ কৰি TYPING কৰাটো প্ৰয়োজন, কিয়নো পৰীক্ষাত বেগেৰে টাইপ কৰিব লাগিব। প্ৰথমে সহজ PARAGRAPH বোৰ আৰম্ভ কৰক, পিছত জটিলবোৰ চেষ্টা কৰক।
অনলাইন আৰু অফলাইন মাধ্যমত ASSAMESE TYPING PRACTICE
আপুনি অসমীয়া টাইপিং প্ৰেক্টিচ অনলাইন অথবা অফলাইন দুয়োটা মাধ্যমৰে শিকিব পাৰে, আৰু যদি অফলাইন মাধ্যমৰে টাইপিং শিকিব বিচাৰে বা অভ্যাস কৰিব বিচাৰে তেন্তে আপুনি আপোনাৰ কম্পিউটাৰ বা লেপটপত টাইপিং ছফ্টৱেৰ ডাউনলোড আৰু ইনষ্টল কৰিব লাগিব, যিটো অলপ জটিল প্ৰক্ৰিয়া আৰু আপুনি অনলাইনত প্ৰেক্টিচ কৰিব বিচাৰে তেন্তে আপুনি অতি সহজতে অভ্যাস কৰিব পাৰিব। অনলাইনত অসমীয়া টাইপিং প্ৰেক্টিচ কৰিবলৈ আপোনাক কোনোধৰণৰ চফ্টৱেৰ ইনষ্টল বা ডাউনলোড কৰাৰ প্ৰয়োজন নহয় আৰু ইয়াৰ আটাইতকৈ ভাল বৈশিষ্ট্য যে আপুনি যেতিয়া তেতিয়া ব্যৱহাৰ কৰিব পাৰিব নিজৰ কম্পিউটাৰত বা অইন কম্পিউটাৰত।
ASSAMESE TYPING ৰ বাবে কোনটো KEYBOARD LAYOUT ব্যৱহাৰ কৰিব ? INSCRIPT/ PHONETIC
এতিয়া কথা হল আপুনি অভ্যাস কৰাৰ বাবে দুই ধৰণৰ KEYBOARD LAYOUT আছে এটা হল "INSCRIPT" KEYBOARD LAYOUT আন এটা "PHONETIC" KEYBOARD LAYOUT, দুয়োটাৰেই কাম একে যদিও ব্যৱহাৰ বেলেগ বেলেগ । "PHONETIC" কীব’ৰ্ডটো সাধাৰণ উদ্দেশ্য বা কামৰ বাবে ব্যৱহাৰ কৰিব পাৰি, যেনে MESSAGE লিখা, চচিয়েল মেডিয়াত অসমীয়া ভাষাত পোষ্ট কৰা বা আৰু ইত্যাদি কামত ব্যৱহাৰ কৰা হয় । এই "PHONETIC KEYBOARD LAYOUT" টো ইংৰাজী উচ্চাৰণৰ ওপৰত ভিত্তি কৰি অসমীয়াত ******* ব্যৱহাৰ কৰাটো সহজ আৰু এইদৰে ব্যৱহাৰ কৰিব পাৰি, যেনে - mor ➜ মোৰ nam ➜ নাম suraj ➜ সুৰাজ moi ➜ মই axomt ➜ অসমত thako ➜ থাকো । এই PHONETIC KEYBOARD LAYOUT টো সাধাৰণ তথা দৈনন্দিন ব্যৱহাৰৰ বাবে ভাল হলেও, চৰকাৰী কাৰ্যালয় বা চাকৰি পৰীক্ষাৰ বাবে উপযুক্ত নহয়। আনহাতে "INSCRIPT KEYBOARD LAYOUT" টো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু টাইপিং পৰীক্ষাত, প্ৰেছ আদিত বাবে ই একমাত্ৰ উপযুক্ত LAYOUT । ইয়াক ভাৰত চৰকাৰৰ Department of Electronics বিভাগে ১৯৮৬ চনত বিকশিত কৰিছিল আৰু চৰকাৰ দ্বাৰা মান্যতা প্ৰাপ্ত KEYBOARD LAYOUT । ই ১২+ ভাৰতীয় ভাষা SUPPORT কৰে, যেনে - অসমীয়া, হিন্দী, বাংলা, তামিল, তেলেগু, মালয়ালম, কানাড়া, গুজৰাটী, উড়িয়া, পাঞ্জাবী ইত্যাদি । পৰীক্ষাৰ বাবে ই একমাত্র উপযুক্ত LAYOUT
অসমীয়া Inscript কীব’ৰ্ড — ব্যৱহাৰ, উদাহৰণ আৰু অনুশীলন
এই ASSAMESE INSCRIPT KEYBOARD টো এনে ধৰণে ব্যৱহাৰ হয়, যেনে - (মোৰ ➜ c+a+j) (নাম ➜ v+e+c) (সুৰজ ➜ m+g+j+p) (মই ➜ c+F) (অসমত ➜ D+m+c+l) (বাস ➜ y+e+m) (কৰো ➜ k+j+a) । এই কীবোৰ্ড টো আৰম্ভণিতে বেছি জটিল লাগে যদিও আপুনি সদায় অলপ অলপ কৈ অভ্যাস কৰিলে মোৰ বিশ্বাস আপুনি অতি কম সময়ৰ ভিতৰত শিকিব পাৰিব । কীবৰ্ডটোত থকা প্ৰতিটো ইংৰাজী ALPHABET ৰ বিপৰীতে এটা বা দুটা কৈ অসমীয়া স্বৰবৰ্ণ বা ব্যঞ্জনবৰ্ণ থাকে, যেনে k= ক আৰু Shift+k = খ । আপুনি এই ENGLISH LETTER TO ASSAMESE LETTER KEYBOARD CHART খন DOWNLOAD কৰি ASSAMESE TYPING PRACTICS ৰ বাবে ব্যৱহাৰ কৰিব পাৰে, অথবা আপুনি লিংক টোত গৈ STEP BY STEP ASSAMESE TYPING GUIDE FOR BEGEENER অসমীয়া টাইপিং শিকিব পাৰিব, তাত আপুনি অতি সহজ ভাৱে জানিব আৰু বুজিব পাৰিব যে অসমীয়া স্বৰবৰ্ণ, ব্যঞ্জনবৰ্ণ আৰু যুক্তাক্ষৰ সঠিক ভাবে কেনেকৈ লিখে । ASSAMESE INSCRIPT অভ্যাস কৰাটো সঠিক পথ। INSCRIPT অলপ কঠিন লাগিলেও নিয়মিত অভ্যাস কৰিলে অতি কম সময়তে শিকিব পাৰি। সেয়ে অনুগ্ৰহ কৰি অনুশীলন সময়ত INSCRIPT কীবৰ্ড লে-আউটটো বাছনি কৰক, যাতে অফিচিয়েল কাম কাজত বা যিকোনো টাইপিং পৰীক্ষাতো আপুনি সহজে টাইপ কৰিব পাৰে। অসমীয়া টাইপিং দক্ষতা আয়ত্ত কৰাটো আজিৰ যুগত অপৰিহাৰ্য।পযুক্ত LAYOUT
Frequently Asked Questions About Assamese Typing
INSCRIPT KEYBOARD কি ?
এইটো হৈছে ভাৰত চৰকাৰৰ স্বীকৃত এক জনপ্ৰিয় KEYBOARD LAYOUT, যাৰ জৰিয়তে ১২+ ভাৰতীয় ভাষাসমূহৰ বৰ্ণসমূহ ইংৰাজী QWERTY KEYBOARD ব্যৱহাৰ কৰি টাইপ কৰিব পৰা যায়। এই লে-আউটত স্বৰবৰ্ণসমূহ বাওঁফালে আৰু ব্যঞ্জনবৰ্ণসমূহ সোঁফালে অৱস্থিত হয়। চৰকাৰী পৰীক্ষা বা অফিচিয়েল কাম-কাজত ইয়াৰ ব্যৱহাৰ বাধ্যতামূলক। নিয়মীয়া অনুশীলনে এই কীব’ৰ্ড সহজে আয়ত্ত কৰিব পৰা যায়।
অসমীয়া টাইপিঙৰ বাবে কিমান ধৰণৰ কীব’ৰ্ড লেআউট আছে?
অসমীয়াত বেছিভাগতে InScript আৰু PHONETIC লেআউট ব্যৱহাৰ হয়, লগতে কিছুমান অতিৰিক্ত KEYBOARD LAYOUT আছে, যেনে - Google Input Tools, Microsoft Indic Input কিন্তু চাকৰিৰ বাবে প্ৰস্তুতি লোৱাৰ ক্ষেত্ৰত InScript শিকাটো অত্যন্ত জৰুৰী আকৌ দৈনন্দিন ব্যৱহাৰৰ বাবে PHONETIC টো বহুত সুবিধাজনক।
PHONETIC আৰু InScript মাজত কি পাৰ্থক্য?
ফনেটিকত ইংৰাজী শব্দৰ ধ্বনি অনুসৰি টাইপ কৰা হয়, ইনস্ক্ৰিপ্টত প্ৰতিটো আখৰৰ বাবে নিৰ্দিষ্ট KEY নিৰ্ধাৰিত থাকে।
অসমীয়া টাইপিং কেনেকৈ শিকিব পাৰি?
অসমীয়া টাইপিং শিকিবলৈ প্ৰথমে আপোনাৰ বাবে সহজ কীব’ৰ্ড লেআউট (ফনেটিক বা ইনস্ক্ৰিপ্ট) বাচি লওক। তাৰ পিছত অনলাইন টিউটৰিয়েল আৰু ৱেবছাইট ব্যৱহাৰ কৰি নিয়মীয়া অনুশীলন জৰিয়তে দক্ষতা উন্নত কৰক। A Complete Guide : How to Learn Assamese Typing Step by Step
অসমীয়া টাইপিং অনুশীলনৰ বাবে আটাইতকৈ ভাল অনলাইন প্লেটফৰ্ম কোনটো?
অসমীয়া টাইপিঙৰ বাবে এটা আটাইতকৈ সহজ আৰু বিশ্বস্ত অনলাইন প্লেটফৰ্ম হৈছে AssameseTyping.com । ইয়াত আপুনি সহজে আৰু দ্ৰুত গতিত ইনস্ক্ৰিপ্ট কীব’ৰ্ড লে-আউট সহ অসমীয়া টাইপিং অভ্যাস কৰিব পাৰে। কোনোধৰণৰ ছফ্টৱেৰ ডাউনলোড বা ইনষ্টল কৰাৰ প্ৰয়োজন নোহোৱাকৈ যিকোনো সময়ত আৰু যিকোনো ঠাইৰ পৰা অনুশীলন কৰিব পাৰিব। চৰকাৰী চাকৰিৰ বাবে টাইপিং পৰীক্ষাৰ বাবে প্ৰস্তুতি লোৱা লোকসকলৰ বাবে এইটো এক শ্ৰেষ্ঠ প্লেটফৰ্ম ।